জীৱনটো আমি জীয়াই থাকোঁ কেতিয়া?

চকুৰ পচাৰতে সময়বোৰ পাৰ হৈ যায়। মাত্র এৰি থৈ যায় সুখ-দুখ স্মৃতিৰ কিছুমান অটল গহ্বৰ। খান্দিব নাজানিলে ভিতৰতো প্রৱেশ কৰিব নোৱাৰি। বাহিৰত শূন্যতাৰ আৱৰণ। আৰু এটা বছৰ সময়ৰ বালিত নিখোজ হৈ গ'ল। এনেকৈয়ে বছৰবোৰ বাগৰি গৈছে এটাৰ পাছত এটাকৈ। আমি সময়ৰ লগত, সময়ৰ পিছত দৌৰিছোঁ যান্ত্রিকভাৱে। আঁজুৰি আঁজুৰি সময়বোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। বছৰটোৰ আৰম্ভণিতে পৰিকল্পনা কৰিছোঁ অনাগত দিনবোৰৰ বিশেষ কৰণীয় সূচী। তাৰমানে আমি সময়বোৰ বিশেষভাৱে মুহূর্ত কিছুমানত বন্দী কৰি ৰাখিব বিচাৰোঁ। ব্যস্ততা তাৰ বাবে এটা অজুহাত। সকলো মানুহেই ব্যস্ত কম-বেছি পৰিমাণে। আচলতে আমাক এটা অজুহাত লাগে জীৱনটো জীয়াই থাকিবলৈ। এটা Cause, অলপ আশা! সময় 'কিল' কৰিবলৈ কিছুমানক ব্যস্ততা লাগে। কিছুমানে ব্যস্ততাৰে সময় গঢ়িব বিচাৰে। সময়ৰ পিছে পিছে দৌৰি থকাৰ বাবেই আমাৰ সময় নাই। সময়ক উপভোগ কৰিবলৈ আমাৰ সময় নাই। বহুদিন শুষ্কতাৰ পাছত সেউজীয়াবোৰ সজীৱ কৰি তুলিবলৈ নামি অহা শীতল বৰষুণ এজাক উপভোগ কৰিবলৈ আমাৰ সময় নাই। সেয়ে উৎকট গৰমত ছট্‌ফটাই থকাৰ পাছতো বৰষুণ অহাৰ উমান পালেই আমি খপজপকৈ ছাতিটো মেলি লওঁ। বাছত আহি থাকিলে কাষৰ গ্লাছবোৰ ব্যতিব্যস্ত হৈ টানি দিওঁ। বৰষুণৰ ছিটিকনি ঘৰৰ ভিতৰত পৰিব বুলি দুৱাৰ-খিৰিকীবোৰ জপাই দিওঁ। বৰষুণৰ লগত ধেমালি কৰিবলৈ আমাৰ সময় নাই। আমি সীমাবদ্ধতা ভাল পাওঁ। ব'হাগ মাহত প্ৰকৃতিৰ নতুনত্বক আদৰণি জনাই ডাল ওলমি ফুলি থকা কপৌ ফুলবোৰ, নাহৰৰ কুমলীয়া পাতবোৰ ৰ লাগি কেতিয়াবা চাইছোঁনে, এপলক নিস্তব্ধ হৈ কুলি, কেতেকীৰ মাতত আত্মবিভোৰ হ'ব পৰা নাই। ফাগুনত ডাল ভৰি ফুলি থকা তেজৰঙী মদাৰ, পলাশ ফুলবোৰ আমাৰ উদাসীনতাৰ আঁৰত ফুলি ফুলি সৰি পৰে

    

      এইদৰে আমাৰ অলক্ষিতে প্রকৃতিৰ বিচিত্র ক্ষণ অহা-যোৱা কৰি থাকে। কিন্তু এখন্তেক ৰৈ দিবলৈ আমাৰ সময় নাই। জীৱনৰ প্ৰতিটো ক্ষণ জীৱনৰ বাবে প্রস্তুতিত পাৰ হৈ যায়। জীৱনটো আমি জীয়াই থাকোঁ কেতিয়া! ৰাছিয়ান কবি আৰু ঔপন্যাসিক বৰিছ পাষ্টেৰনাকেও কৈছিল- 'আমি যদি জীয়াই থাকিবৰ কাৰণে সদায় কেৱল প্রস্তুতিহে চলাই থাকোঁ তেন্তে আমি জীয়াই থাকিবলৈ সময় পাম কেতিয়া?'

   অনিশ্চিত ভবিষ্যৎ এটাক নিৰাপত্তাৰ কেনভাচত বান্ধি পেলোৱাৰ চর্তত বর্তমানবোৰ যান্ত্রিক কৰি পেলাওঁ। কিন্তু সেই ভৱিষ্যতবোৰো এসময়ত বৰ্তমানৰ যান্ত্রিকতাত হেৰাই যায়। জীৱনৰ বাবে প্রস্তুতিত জীৱনটো পাৰ হৈ যায়। শৈশৱত সমনীয়াৰ সৈতে ওমলা ঘৰ খেলাৰ দৰে, খেলৰ বাবে প্রয়োজনীয় সা-সৰঞ্জামবোৰ গোটাওঁতেই সময়বোৰ পাৰ হৈ যায়। মাহঁতে গা ধুবলৈ, ভাত খাবলৈ চিঞৰে। খেলা আৰু নহয়গৈ! সেইদৰে জীৱনৰ প্রস্তুতিত ব্যস্ত থাকোঁতেই জীৱনটো পাৰ হৈ যায়। জীৱনটো যাপন কৰা নহয়গৈ। The mass of man lead lives of quiet desperation'- কিন্তু জীৱনটো যাপন কৰিবলৈ যান্ত্রিকতাত পিষ্ট, ড্রয়িংৰূম কালচাৰত অভ্যস্ত মধ্যবিত্ত মানুহ এচামেহে পাহৰিছোঁ। বাগানবোৰত স্ফূর্তি-তামাচা কৰি পাত তুলি থকা গাভৰু-তিৰোতা মানুহকেইজনীৰ মুখত জিলিকি থাকে এটা আত্মবিভোৰ উৎফুল্লতা। জীৱনৰ জটিলতাবোৰৰ পৰা সিহঁতৰ সৰল মনবোৰ বহু আঁতৰত। সুখৰ মুহূৰ্তবোৰ সিহতে পৰিপূর্ণভাৱে উপভোগ কৰিব পাৰে দুখবোৰ আওকাণ কৰি। পৰিশ্ৰমৰ মাজেৰে সিহঁতে জীৱনটো উপভোগ কৰে

     

       গধূলি ছয়া-ময়া আন্ধাৰত আলিবাটেদি পাৰ হৈ যোৱা চেঙেলীয়া ল'ৰাটোৰ গীতৰ কলিটোত এটা জীবনবোধ থাকে। দিনটোৰ সেই মুহূৰ্তটো তাৰবাবে হয়তো বেছি উপভোগ্য। ঠিক সেইদৰে প্ৰখৰ ৰ'দকো নেওচা দি একান্তমনে বোকা মাটিৰ গোন্ধত একাকাৰ হৈ পথাৰত কাম কৰি থকা কৃষকসকল। মাটিৰ গোন্ধে তেওঁলোকক জীয়াই থকাৰ প্ৰেৰণা দিয়ে। কপালৰ ঘামেৰে বোকাময় কৰি তোলা আঘোণৰ পথাৰত সোণালী ধাননি যেতিয়া ৰ'দত জিলমিল কৰে, তেওঁলোকে পাহৰি যায় জীৱনৰ যন্ত্রণাবোৰ, পৰিশ্ৰমৰ ভাগৰবোৰ। মাটিৰ লগত থকা আত্মিকতাই তেওঁলোকৰ জীবনবোৰ পৰিপূৰ্ণ কৰি তোলে। কিন্তু আমাৰ আশা-আকাংক্ষাবোৰ যিমানেই মাটিৰ পৰা আঁতৰি গৈছে সিমানেই আমাৰ জীৱনবোৰ সমাধানহীন জটিল হৈ পৰিছে। এবাৰ বাতৰি কাকতত কেপচনৰে সৈতে এখন ফটো দেখিছিলোঁ- দুগৰাকী জাপানী গাভৰুৱে বসন্তকালত জাপানত ডাল ভৰি ফুলি থকা গুলপীয়া চেৰীফুলবোৰ প্ৰাণ ভৰি চাইছে। ফটোখনে অনুভূতিৰ কোনো অংশত টোকৰ মাৰি গ'ল। আমাৰ অসমতো বসন্তকালত ডাল ওলমি গুলপীয়া কপৌ ফুল ফুলে যাৰ সৌন্দর্য কাৰো লগত তুলনা নহয়। কিন্তু তেনে এখন ফটো আমাৰ সাংবাদিকৰ কেমেৰাত আৱদ্ধ নহয় কাৰণ আমাৰ সময় নাই ৰ লাগি কপৌ ফুলৰ সৌন্দর্য উপভোগ কৰিবলৈ। জীৱনৰ সৰু সৰু সমস্যা, ভাত কাপোৰৰ সমস্যাক লৈ আমি ভাৰাক্রান্ত। বৌদ্ধিক উচ্চাত্মিকাই আমাৰ মনবোৰ জটিল কৰি পেলাইছে। সৰু সৰু কথাবোৰ, সৰু সৰু সুখবোৰ, সৰু সৰু মুহূৰ্তবোৰ আমি গুৰুত্ব দিব নোৱাৰোঁ। সেয়ে চালনীৰ ফুটাইদি সৰকাৰ দৰে জীৱনৰ অর্থবোধ সৰি সৰি পৰে, উচিষ্টখিনিহে ওপৰত ৰয়গৈ। জটিল, দুর্বোধ্য অংকবোৰত আমি ব্যস্ত হ'ব লগা হয়। জীৱনটো যিমানেই দুর্বোধ্য, সুখবোৰ তেতিয়াই আঁতৰি যায়, মুহূৰ্তবোৰ হতাশাত গলি গলি শেষ হৈ যায়। সময়বোৰ এনেকৈয়ে গৈ থাকে। অথবা নতুন সময় কিছুমান আহে। যেনেকৈ এটা বছৰ শেষ হয়। নতুন বছৰ এটা আহে। গতানুগতিক আনুষ্ঠানিকতা, যান্ত্রিকতাৰে নতুন বছৰৰ প্ৰথম দিনটো উদযাপন কৰোঁ। কিন্তু পিছৰ দিনবোৰ হৈ পৰে আকৌ আগৰ দৰেই যান্ত্রিক, বৈচিত্র্যহীন।

 সেয়ে কেৱল উৎসৱৰ আনুষ্ঠানিকতাক বাদ দি নতুন বছৰটো এটা শুভ সংকল্পৰে আদৰি লওঁ আহক। সেই সংকল্প জীৱনৰ সৰু সৰু মুহূৰ্তবোৰ জীয়াই থকাৰ সংকল্প, জীৱনটো যাপন কৰাৰ সংকল্প!

 

(Article published at 'Dainik Janambhumi')

 

E-Mail: pubalibhagowati@gmail.com

Post a Comment

0 Comments