জন্ম শতবৰ্ষত পদুম বৰুৱালৈ শ্ৰদ্ধাৰ্ঘ

 অসমীয়া চিনেমাৰ মাইলৰ খুঁটি 'গঙা চিলনীৰ পাখি'

                                                                                                                                   -পূবালী ভাগৱতী

 

 অসমত সমান্তৰাল ধাৰাৰ ছবি নিৰ্মাণৰ বাটকটীয়া আছিল পদুম বৰুৱা। কেৱল এখন চিনেমাৰেই চলচ্চিত্ৰ জগতত নিজৰ নাম ৰাখি যোৱা চলচ্চিত্ৰ পৰিচালক পদুম বৰুৱাই অসমীয়া চিনেমা জগতক যিখন চিনেমা উপহাৰ দি গ'ল-চিনেমাৰ পাঠ্যপুথি সদৃশ 'গঙা চিলনীৰ পাখি';পৃথিৱীত চিনেমাৰ সুস্থ চৰ্চা হৈ থকালৈকে মানুহে সেইখন চিনেমাৰ কথা পাতি থাকিব। চিনেমাৰ ভাষা শিকিবলৈ, নিৰ্মাণশৈলী শিকিবলৈ পৃথিৱীৰ আন চলচ্চিত্ৰ বোদ্ধাসকলৰ চিনেমাৰ লগতে পদুম বৰুৱাৰ 'গঙা চিলনীৰ পাখি'ৰ আলোচনাও নিশ্চয় হৈ থাকিব।

 

 

 এঘাৰ বছৰ বয়সতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী' চাই প্ৰভাৱিত হোৱা পদুম বৰুৱাই 'চলচ্চিত্ৰ প্ৰসংগ' শীৰ্ষক গ্ৰন্থৰ পাতনিত লিখিছিল -জয়মতীৰ দৰ্শনৰ অভিজ্ঞতাতেই অংকুৰিত হৈছিল, তাৰ দুকুৰি বছৰ পিছত আঠ বছৰ কালজোৰা সংগ্ৰামৰ মাজেৰে সম্পূৰ্ণ কৰি উলিওৱা গঙা চিলনীৰ পাখিছবিৰ বীজ।' সত্যজিৎ ৰায়ৰ 'পথেৰ পাঁচালী', ঋত্বিক ঘটকৰ চিনেমা আৰু বহু দেশী-বিদেশী চলচ্চিত্ৰই প্ৰভাৱিত কৰিছিল পদুম বৰুৱাক। চিনেমা সম্পৰ্কে সচেতন আৰু দেশী-বিদেশী চলচ্চিত্ৰ চাই অভিজ্ঞতাপুষ্ট হৈ উঠা পদুম বৰুৱাই নিজে চলচ্চিত্ৰ নিৰ্মাণৰ বাবে বাছি লৈছিল প্ৰখ্যাত সাহিত্যিক ড. লক্ষ্মীনন্দন বৰাৰ 'গঙা চিলনীৰ পাখি' উপন্যাসখন। ১৯৬৩ চনত প্ৰকাশ পোৱা ড.বৰাৰ উপন্যাসখনে পাঠকৰ যথেষ্ট সমাদৰ লাভ কৰিছিল। এই উপন্যাসৰ কিছু দিশ লৈ একে নাম ৰাখি পদুম বৰুৱাই  ১৯৬৫ চনত চিত্ৰনাট্য ৰচনাৰ কাম আৰম্ভ কৰি সম্পূৰ্ণ কৰে এবছৰৰ ভিতৰত। অৰ্থৰ অভাৱৰ বাবে ১৯৬৮ চনত নিৰ্মান কৰা চিনেমাখন সম্পূৰ্ণ হৈ উঠিছিল ১৯৭৫ চনত। সুদীৰ্ঘ আঠ বছৰীয়া এক প্ৰচেষ্টাৰ অন্তত মুক্তি লাভ কৰিলে অসমীয়া চলচ্চিত্ৰৰ মাইলৰ খুঁটি হিচাপে বিবেচিত 'গঙা চিলনীৰ পাখি'য়ে।

 'গঙা চিলনীৰ পাখি' ৰ বিষয়ে ইতিমধ্যে বহু আলোচনা হৈ গৈছে। চিনেমাখনৰ আন দিশ তথা চিনেমেটিক শৈলীৰ বিষয়ে ইতিমধ্যে বিশিষ্ট গল্পকাৰ, চলচ্চিত্ৰ সমালোচক শ্ৰদ্ধাৰ অপূৰ্ব শৰ্মা ছাৰ, চিত্ৰ সমালোচক, পৰিচালক ননি আৰু বহু অভিজ্ঞ ব্যক্তিয়ে আলোচনা আগবঢ়াইছে। সেয়ে এই বিষয়ে বেলেগকৈ কোৱাৰ আৰু প্ৰয়োজন নাই বুলি ভাবোঁ। এই আলোচনাত উল্লেখ কৰিব খুজিছোঁ সামন্তীয় সমাজ এখনৰ সাধাৰণ এগৰাকী নাৰী বাসন্তীৰ প্ৰতিবাদী সত্তা । পদুম বৰুৱাৰ 'গঙা চিলনীৰ পাখি'ত ষাঠিৰ দশকৰ অসমীয়া সমাজ এখন আমি দেখা পাওঁ। তেনে এখন পুৰুষতান্ত্ৰিক সমাজৰ সাধাৰণ গাঁৱলীয়া ছোৱালী বাসন্তী। কিন্তু ধনঞ্জয়ৰ লগত প্ৰেম হোৱাৰ পিছত বিবাহৰ প্ৰস্তাৱ নাকচ কৰি সমাজলৈ ভয় নকৰি ধনঞ্জয়ৰ লগত পলায়ন কৰিবলৈ সাজু হৈছিল বাসন্তী। সেই সময়ৰ সমাজৰ বান্ধোন নাকচ কৰিবলৈ কিমান সাহসী হ'ব লাগিব বাসন্তী। কিন্তু আগবাঢ়ি গৈয়ো যোৱাবাটে উভতি আহি সেইখন সমাজৰ বান্ধোনকে স্বীকাৰ কৰি ল'লে। কিন্তু স্বামী মথুৰাৰ মৃত্যুৰ পিছত অকলশৰীয়া হৈ পৰা বাসন্তীয়ে দ্বিতীয়বাৰ সমাজৰ বান্ধোন অস্বীকাৰ কৰি ধনঞ্জয়ৰ সৈতে সংসাৰ কৰিবলৈ আগবাঢ়িব খুজিছিল। ধনঞ্জয় এইক্ষেত্ৰত আগবাঢ়ি আহিব নোৱাৰিল যদিও বাসন্তী হৈ পৰিল প্ৰচলিত সমাজ ব্যৱস্থাৰ এক প্ৰতিবাদী সত্তা। সমাজৰ কটকটীয়া বান্ধোনকো নেওচি বিচৰা ধৰণেৰে জীৱনটো জীয়াই থাকিবলৈ আন সকলো নাৰীৰ বাবে এক অনুপ্ৰেৰণা, এক সাহসৰ প্ৰতীক বাসন্তী।

 


  বাসন্তী চৰিত্ৰটো উপস্থাপন কৰিবলৈ পৰিচালক পদুম বৰুৱা আৰু মহম্মদ ছাদুল্লাই খুব সুন্দৰকৈ চিত্ৰনাট্য লিখি উলিয়াইছিল। কম ডায়লগেৰে ভিজুৱেল উপস্থাপনত গুৰুত্ব আৰোপ কৰিছিল। গঙা চিলনীৰ পাখিৰ চিত্ৰনাট্য এখন সৱল চিত্ৰনাট্য। আনহাতে পৰিপক্ক কলা নিৰ্দেশনা আৰু কম্পজিশ্যনৰ ফলত অসমীয়া সমাজ, অসমীয়া গাঁও, অসমীয়া ঘৰ এখনৰ সকলো উপাদান 'গঙা চিলনীৰ পাখি'ত দেখা যায়। যেনে খেৰৰ চালৰ ঘৰ, গোঁসাই ঘৰৰ থাপনা, চোতাল, গোহালি, নঙলা, তামোলৰ বটা, বান বাটি, শৰাই, টিপ চাকি, জাকৈ, খালৈ, পীৰা, ঢাৰি, ডলা, খৰাহী, দুনৰি আদি সামগ্ৰীসমূহ। চিনেমাখনৰ প্ৰথমৰ ফালে দেখোঁ বাসন্তীৰ বৌৱেক তৰুৱে চোতাল সাৰি থকাৰ দৃশ্য। ল'ৰা-ছোৱালী দুটাই তামোলৰ ঢকুৱা লৈ খেলাৰ দৃশ্য। চোতালত ধান ৰʼদোৱাৰ দৃশ্য, পিছৰ ফালে পথাৰত হাল বোৱা , গৰুৰ দানা প্ৰস্তুতিৰ দৃশ্য আদি।

'গঙা চিলনীৰ পাখি'ত হোম কৰি পতা বিয়া এখনৰ সম্পূৰ্ণ ৰীতি দেখা যায়। কলপুলি বেৰি মৰল সজা, দুৱাৰ মুখত আমডালি লগোৱা, দুনৰি, হোম, পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, বিয়ানাম, ছোৱালী ঘৰৰপৰা ওলাই যাওঁতে পিছলৈ চাউল ছটিয়াই যোৱাৰ দৃশ্য। এইক্ষেত্ৰত কলা নিৰ্দেশক চিত্ৰকমল হাজৰিকাদেৱৰ প্ৰচেষ্টাৰ শলাগ ল'ব লাগিব।

এতিয়া আকৌ আহোঁ বাসন্তী চৰিত্ৰটোৰ কথালৈ। চিনেমাখনৰ আৰম্ভণিত দেখা যায় বাসন্তীয়ে মুকলি আকাশৰ তলত, নদীৰ পাৰত গা ধুই কলহত পানী ভৰায়। আকাশত উৰি থকা গঙা চিলনী এটালৈ বাসন্তীৰ চকু যায়। ইয়াৰদ্বাৰা বাসন্তীৰ মুকলিমুৰীয়া সপোনৰঙী মনটোৰ আভাস পাওঁ। কিন্তু বিয়াৰ পিছত বাসন্তীয়ে গা ধুইছে কলপাতেৰে বেৰা দিয়া ঘৰ এটাৰ ভিতৰত। পানী তুলিছে পুখুৰীৰ পৰা। এই দৃশ্যই ইংগিত দিয়ে বোৱতী নদীৰ বহল পৰিধিৰ পৰা বন্ধ পুখুৰীলৈ বাসন্তীৰ জীৱন সংকুচিত হৈ আহিছে। মুকলি আকাশৰ পৰা গা-ধোৱা ঘৰৰ বেৰাই বাসন্তীৰ জীৱন বান্ধি পেলাইছে। ঠিক সেইদৰে বিয়াৰ পাছত বাসন্তীয়ে কেইবাটাও দৃশ্যত বাহিৰলৈ চায় বাঁহৰ কামী থকা খিৰিকীখনৰ  মাজেৰে। এয়াও বাসন্তীৰ বন্দী জীৱনৰ এক আভাস।

গাভৰু ছোৱালী এজনী ঘৰত থাকিলে গৃহস্থৰ যি চিন্তা সেয়া ফুটি উঠিছে 'গঙা চিলনীৰ পাখি'ত। বাসন্তীৰ অস্থিৰ মনৰ উমান বৌৱেক তৰুৱে আগতীয়াকৈ পাইছিল। এটা দৃশ্যত ধান ৰʼদাই থাকোঁতে তৰুৱে বাসন্তীক কটাক্ষ কৰি কয়-মই আকৌ ভাবিছিলোঁ তোৰ মনৰ অসুখ বুলিহে। আজিকালি গাভৰু ছোৱালীৰ মনৰ অসুখটোহে চাৰ। এৰা, গাভৰু হোৱাৰে দোষ।' আকৌ বাসন্তীক জোকায় এফাকি বিয়ানামেৰে-ফুল আছে ফুলি, কদম আছে হালি, কিয় আইদৌ চিন্তা কৰা ৰাম নাহে বুলি।'

পৰৱৰ্তী সময়ত বাসন্তী আৰু ধনঞ্জয়ৰ প্ৰেমৰ কথা যেতিয়া গম পায় তৰুৱে বাসন্তীক কয়- অʼ আমাৰ ছোৱালীক মতা বিৰাই পাইছে। তোৰ মনৰ অৱস্থা মই ভালকৈয়ে বুজিছো আই। কেৱল এটা কথাহে বাৰে বাৰে মনলৈ আহিছে; (হুমুনিয়াহ কাঢ়ি) মনে খন্দা পুখুৰীৰ পানী কিমানে খাবলৈ পায়। নিজৰ দেহাটোক বচাই ৰাখিবি আই।...' এই কথাখিনিৰ পৰা বৌৱেকৰ বাসন্তীৰ প্ৰতি থকা সহমৰ্মিতাৰ উমান পোৱা যায়।

আন এটা দৃশ্যত তৰু শুৱনি কোঠালৈ যাওঁতে ভোগৰামক বাসন্তীৰ বিয়া সন্দৰ্ভত হোৱা পূৰ্বৰ কথোপকথন প্ৰসংগত কয়- গাভৰু ছোৱালীয়ে, বনৰ বাঘে সমান।'

আনটো কোঠাত বাসন্তী শুবলৈ যাওঁতে মাকে কয়-মৰাৰ আগেয়ে তোৰ বিয়াখন দেখি যাবলৈ পাৰিলেই তৰো। বাসন্তীয়ে আপত্তি কৰি কয়- মই তহঁতৰ আপদ হৈছোঁ নেকি?

মাক- আপদ নহয় অʼএটা ডাঙৰ বোজা। তোৰ বিয়াখন হৈ নাযায় মানে মোৰেই হওক, ককায়েৰৰে হওক, কাৰো শান্তি নাই। ছোৱালী বয়স থাকোঁতে দিলেহে আমাৰ পূণ্য। আচলতে তিৰোতা ভাল হ'লে যিকোনো পুৰুষে সেই তিৰোতাক লৈ সুখৰ সংসাৰ কৰিব পাৰে। কিন্তু তিৰোতাৰ এবাৰ পাৱ পিছলিলেই লেঠা। একেটা দোষকে ঢাকিবলৈ তাই বহুত দোষ কৰিবলগীয়া হয়। সুখ-শান্তিয়ে তেতিয়াই তাইক নেওচা দিয়ে।' শেষৰ কথাখিনিত বাসন্তীক লৈ মাকৰ দু:চিন্তা ফুটি উঠিছে।

ধনঞ্জয়ৰ সৈতে বাসন্তীৰ প্ৰেমৰ কথা গম পোৱাৰ পিছত ককায়েক ভোগৰামে বিশেষ আপত্তি কৰা নাছিল। মাত্ৰ নিজৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবে বিয়াৰ কথা চিন্তা কৰিব নোৱাৰে বুলি কৈছিল। কিন্তু ভোগৰাম যেতিয়া দুৰ্নীতিগ্ৰস্ত ৰাজনৈতিক নেতাজনৰ প্ৰভাৱত পৰি ৰাজনীতিত নামে, তেতিয়া ধনঞ্জয়ৰ লগত মতাদৰ্শগত পাৰ্থক্যৰ কাৰণে সংঘাত হয়। এই ৰাজনীতি আৰু সংঘাতে বাসন্তীৰ জীৱনলৈ অমানিশা নমাই আনে। বাসন্তীক নোসোধাকৈ ভোগৰামে আন এঠাইত বিয়াৰ প্ৰস্তাব আৰু কথা দি আহে। যেতিয়া দৰাঘৰৰ মানুহে বাসন্তীক চাবলৈ আহে, দুৰ্বলভাৱে হ'লেও বাসন্তীয়ে প্ৰতিবাদ কৰে-সেইবুলি ছোৱালীৰ নিজৰ মত এটা নাই নেকি। মই নাযাওঁ বুলিছোঁ, নাযাওঁ।' বেৰৰ ফালে মুখ কৰি বাসন্তী শুই থাকে। বৌৱেক তৰুৱে বাসন্তীক মান্তি কৰাবলৈ আহে- বাসন্তী জীয়ৰী ছোৱালী হ'লে ঘৰৰ হা-হুকুম মানি চলিবই লাগিব।'

বাসন্তী- নবৌ তয়ো মোৰ মনৰ কথা নুবুজা হʼলি।'

তৰু- সেইবোৰ বয়সৰ দোষ বাসন্তী। সময়ে সময়ে জীয়ৰী ছোৱালীৰ মানুহ একোটা চকুত লাগেই। সিমানেহে।' তথাপি বাসন্তী উঠি নাযায়। এইবাৰ ককায়েক আহি কয়-বাসন্তী শেষত তই মোৰ মান-সন্মান ডুবাব খুইছ নেকি। মই বাহিৰত মানুহৰ আগত কেনেকৈ মুখ উলিয়াম। তই এইখন কি কৰিব খুজিছ। চা আই, এবাৰ মোৰ মুখলৈ চা।' এই কথাকেইষাৰে বাসন্তীৰ প্ৰতিবাদৰ দুৰ্বল ভেঁটিটো থৰথৰকৈ ভাঙি পেলালে। বাসন্তী এবাৰতে বিছনাৰ পৰা উঠিল। এই  কথোপকথনৰ পৰা এটা কথা স্পষ্ট হয় পিতৃতান্ত্ৰিক সমাজখনে বাসন্তীৰ সন্মুখত পাৰি দিয়া নীতি-নিয়মৰ স্পষ্ট সীমাৰেখা। ইয়াক অতিক্ৰম কৰাৰ শক্তি বাসন্তীৰ নাই। এই সমাজৰ ওচৰত বাসন্তীৰ প্ৰেম, তাইৰ ইচ্ছা-অনিচ্ছাৰ কোনো মূল্য নাই। ইতিমধ্যে তাই হৃদয় কাৰোবাক দি দিছে। তাই সমাজৰ কথামতে কাৰোবাৰ হ'লেও, হৃদয়েৰে হ'ব নোৱাৰিব।


 

 ধনঞ্জয়েও বাসন্তীক হেৰুৱাব খোজা নাছিল। সমাজৰ বিৰুদ্ধে গৈ এক শক্তিশালী সিদ্ধান্ত ধনঞ্জয়ে লৈ পেলাইছিল। পুৱা নাৱেৰে দুয়ো পলাই যোৱাৰ প্ৰস্তাৱ চিঠিৰে বাসন্তীক দিছিল। সমাজক নেওচি বাসন্তীও সাজু হৈছিল। ধনঞ্জয়ৰ কথামতে প্ৰেমক আগস্থান দি ঘৰৰ বিৰুদ্ধে যাব খোজা বাসন্তী যে সম্পূৰ্ণ সৎ, সংস্কাৰসম্পন্ন ছোৱালী সেই কথা বুজিব পাৰি বাসন্তীৰ সৰল মুখখন, কথা-বতৰা, ব্যৱহাৰৰ জৰিয়তে। ঘৰৰ পৰা ওলাই যাবৰ সময়ত মাকৰ ভৰিৰ শিতানৰ ফালে বাসন্তীয়ে সেৱা কৰি যায়, চোতালত পোহনীয়া কুকুৰটোক মৰম কৰি ঘৰলৈ চাই সেৱা এটা কৰে। এই দৃশ্যৰ পৰা বাসন্তীৰ মনৰ অৱস্থা অনুমান কৰিব পাৰি। ওপজা ঘৰখন এৰি যোৱাৰ সময়ত ঘৰখনৰ প্ৰতি মৰম আৰু মংগল প্ৰাৰ্থনা। কিন্তু অৱশেষত বাসন্তী সমাজৰ বিৰুদ্ধে যাব নোৱাৰিলে। ককায়েকৰ কথাই তাইক বাৰে বাৰে আমনি কৰে। ঘাটৰ পৰা তাই ঘূৰি আহে। ঘৰৰ পৰা চাই দিয়ামতে মথুৰাৰ লগত বিয়াত বহে। সেই জীৱন নিজৰ বুলি গ্ৰহণ কৰে।

 

ইফালে পিতৃতান্ত্ৰিক মানসিকতাৰ আভাস পাওঁ বাসন্তীৰ স্বামী মথুৰাৰ চৰিত্ৰত। বাসন্তীৰ বিয়াৰ আগৰ প্ৰেমৰ সম্পৰ্ক মথুৰাই সহজভাৱে ল'ব নোৱাৰিলে। বাসন্তীৰ ওপৰত মথুৰাৰ প্ৰথম আৰু একমাত্ৰ অধিকাৰ নাই বুলি গম পাই মথুৰা অশান্ত হ'ল। বাসন্তীৰ পৰা দূৰত্ব বৰ্তাই ৰাখিলে। বিভিন্ন সময়ত বাসন্তীক ককৰ্থনা কৰিলে-বুজিছা এইফালৰ পুৰুষ তিৰোতাসেৰুৱা নহয়। তিৰোতাই পুৰুষক মূৰুখ বুলিয়ে ভাৱে।'

আন এটা দৃশ্যত মাকক কয় -মোৰ তিৰোতা আৰু তাইক যাবলৈ দিয়া নিদিয়াটো মোৰ কথা। তহঁতৰ তাত মাত মাতিবলৈ কিটো আছে।' বাসন্তী আৰু ধনঞ্জয়ৰ প্ৰেমৰ কথাই মানসিকভাবে বিধ্বস্ত কৰা মথুৰাৰ দূৰ্ঘটনাত মৃত্যু হয়। বাসন্তীৰ জীৱন ডাল-পাতহীন লঠঙা গছডালৰ দৰে হৈ পৰে। সদ্যজাত সন্তানটিও জীয়াই নাথাকিল। ঋতুৰ প্ৰভাৱ নপৰা লঠঙা গছডালৰ দৰেই বাসন্তীৰ জীৱন যেন একে ঠাইতে ৰৈ গ'ল। কিন্তু এই সমাজখনে বান্ধি দিয়া নীতি-নিয়মক লৈ বাসন্তীৰ মনত যে প্ৰতিবাদৰ জুই একুৰা উমি উমি জ্বলি আছে সেই কথা বুজা যায় বাসন্তীৰ ঘৰত কাম কৰা মনবৰী বাইৰ সʼতে হোৱা কথোপকথনৰ পৰা। মনবৰী বাইয়ে এদিন বাসন্তীক কাচোনমতী আৰু বৈজু নামৰ ল'ৰা-ছোৱালী এহালৰ প্ৰণয়ৰ কথা কয়। কাচোনমতী কলিতা সম্প্ৰদায়ৰ আৰু বৈজু হীৰা সম্প্ৰদায়ৰ। সেয়ে দুয়োৰে মিলনত সমাজৰ বাধা আছে। এই কথা শুনি বাসন্তীয়ে কয়-সিহঁতে কিজানি পলম কৰা উচিত নহ'ব। বুইছ মনবৰী প্ৰেম মানুহৰ জীৱনলৈ এবাৰেই আহে।' আকৌ যেতিয়া মনবৰীৰ পৰা গম পালে যে দুয়ো আগৰাতি পলাই গʼ, বাসন্তীয়ে বিজয়ৰ হাঁহি মাৰি কয়-মই কৈছিলোঁ নহয় মনবৰী। সিহঁতহাল পলাবই।' কোনোদিনে নেদেখা, সাক্ষাৎ নোহোৱা কাচোনমতী আৰু বৈজুৰ মিলনে বাসন্তীক সুখী কৰিছে। কাৰণ সিহঁতে সাহসী পদক্ষেপ ল'ব পাৰিলে যিটো বাসন্তীয়ে সময়ত পৰা নাছিল। এই জয় বাসন্তীৰো জয়। এদিন বাসন্তীয়ে মনবৰীক নিজৰ প্ৰণয়ৰ কথা কয়। ধনঞ্জয়ক চিঠি এখন দি আহিব পাৰিব নেকি সোধে। চিঠিত বাসন্তীয়ে লিখে- মৰমৰ ধনঞ্জয়, শেষবাৰ লগ পায়ে বুজিছিলোঁ তুমিও মোৰ দৰে জীয়াতু ভুগিছা। মনবৰীয়ে মোৰ বিষয়ে সকলো ক'ব। আমি এতিয়াও বুঢ়াকাল পোৱাহি নাই। জীয়াই থাকিবলৈ বহু দিন আছে। কেনেদৰে জীৱনৰ বাকী কালছোৱা কটাই দিম, ইয়াৰ কিবা ব্যৱস্থা নাইনে? বহুত পুথি পঢ়িলোঁ। তথাপি পৰজনমৰ পুণ্যৰ বিষয়ে মোৰ বিশ্বাস ভালকে নহ'ল। যিজন ঈশ্বৰে ইহজনমতে এনে নিদাৰুণ ব্যৱহাৰ কৰিছে, সেইজন ঈশ্বৰে পৰজনমত সুখ দিব বুলি কোনে বিশ্বাস কৰিব। বুজি পাইছোঁ মই তোমাৰ হৈ যোৱা বুলি শুনিলে মানুহে বিচূৰ্তি খাব। কিন্তু সমাজলৈ ভয় কৰি থাকিলেই জানো চলিব।'

ধনঞ্জয়লৈ লিখা এই চিঠিখনতো বাসন্তীৰ সমাজৰ নীতি-নিয়ম গচকি নিজৰ মতে জীয়াই থকাৰ প্ৰৱল ইচ্ছা ফুটি উঠিছে। আকৌ এবাৰ বাসন্তী সাহসী হৈ উঠিছে। কিন্তু এইবাৰ সাহস দেখুৱাৱ নোৱাৰিলে ধনঞ্জয়ে। পৰহিলৈ গৈ আছোঁ বুলি কৈ ধনঞ্জয়ে ঘৰ-মাটি বিক্ৰী কৰি সোণাইপাৰ চিৰদিনৰ বাবে এৰি যায়। ধনঞ্জয়ৰ এই সিদ্ধান্তৰ কাৰণ বুজা নগ'ল। হয়তো এখন ঘৰৰ বোৱাৰী হিচাপে পৰিচিত বাসন্তীৰ সন্মানৰ কথা ধনঞ্জয়ে চিন্তা কৰিলে। হয়তো সমাজৰ বিৰুদ্ধে গৈ পলুৱাই নিব পৰাকৈ বাসন্তীৰ প্ৰতি থকা প্ৰেমৰ গভীৰতা আগৰ দৰে নাছিল। সেই প্ৰেম কৰ্তব্যলৈ ৰূপান্তৰ হৈছে বুলি এটা দৃশ্যৰ পৰা বুজিব পাৰি। স্বামী আৰু সন্তানৰ মৃত্যুৰ পিছত হতাশাত ভুগা বাসন্তীৰ খবৰ লʼবলৈ এদিন ধনঞ্জয় বাসন্তীৰ স্বামীগৃহলৈ গৈছিল আৰু জীয়াই থাকিবলৈ সাহস দি পথ্য আদি‌ দি আহিছিল। ধনঞ্জয়ক আকৌ এবাৰ দেখি বাসন্তী জী উঠিছিল। হাতত মাকো তুলি তাতঁশালত বহিছিল। মনবৰীক একোঁচ শেৱালি লৈ আহিবলৈ কৈছিল। আকৌ ধনঞ্জয়ৰ সপোনে বাসন্তীক আমনি কৰিছিল। এইবাৰ তাই কাচোনমতীহঁতৰ প্ৰেম সফল হোৱা দেখি সাহসী সিদ্ধান্ত লৈ পেলাইছিল। কিন্তু সাহসী নহ'ল ধনঞ্জয়। এই প্ৰেম কাহিনীৰ সফল সমাপ্তি নহ'ল। মনবৰীয়ে অনা বাৰ্তা শুনি উদাস মনেৰে ঘৰৰ ভিতৰলৈ উভতি গ'ল বাসন্তী। 

বাসন্তীৰ বিদ্ৰোহৰ পৰিণতি সফল নহ'লেও এই বিদ্ৰোহেই চিনেমাখনক এক মাত্ৰা দিছে। এটা প্ৰেম কাহিনীৰ অসফল সমাপ্তিৰে সফল সমাপ্তি হ''গঙা চিলনীৰ পাখি'বাসন্তী এক প্ৰতিবাদী সত্তা হিচাপে দৰ্শকৰ মনত থাকি গ'ল। এই প্ৰতিবাদ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে সময়ে সময়ে নাৰীয়ে কৰি অহা প্ৰতিবাদ। দৰ্শকৰ মনত বাসন্তী সজীৱ হৈ থাকি গ'ল।

'গঙা চিলনীৰ পাখি' উপন্যাসৰ স্ৰষ্টা ড. লক্ষ্মীনন্দন বৰাই এটা সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ উপন্যাসখনৰ বহুতো দিশ আছে। পদুম বৰুৱাই তাৰে এটা বাচি লৈছে। এই সংঘাত আৰু গভীৰভাৱে দেখুৱাব পৰাৰ থল আছিল। যদিও তেওঁ চিনেমাখনক লৈ সন্তুষ্ট।' স্ৰষ্টা যেতিয়া নিজ সৃষ্টিক লৈ সন্তুষ্ট হয়, পৰিচালকৰ সফলতা এইখিনিতে। পদুম বৰুৱাই বহু দৃশ্য সংলাপ আৰু ডিটেইলৰ সলনি চিনেমেটিক শৈলীৰে উপস্থাপন কৰিছে। বাসন্তী আৰু মথুৰাৰ অন্তৰংগ মুহূৰ্ত বুজাবলৈ কঠিয়া ৰুই থকা আৰু ধাননিৰ দৃশ্য দেখুৱাইছে। বাসন্তী আৰু ধনঞ্জয়ৰ প্ৰেমৰ সম্পৰ্কৰ কথা গম পোৱাৰ পিছত মথুৰাৰ মনৰ অৱস্থা এজাক ধুমুহা- গাজনিৰে বুজোৱা হৈছে। স্বামী আৰু সন্তানৰ মৃত্যুৰ পিছত বাসন্তীৰ উকা জীৱনটো বুজাবলৈ ডাল-পাতহীন লঠঙা গছ এজোপা দেখুৱাইছে। শেষ দৃশ্যত বাসন্তী পদূলিৰ পৰা ঘৰৰ ভিতৰলৈ গৈ থকা দৃশ্যটো এটা শুকান ডালৰ মাজেৰে দেখুৱাইছে। এই চিনেমেটিক দৃশ্যাৱলীৰ বাবে পৰিচালকৰ লগতে চিনেমাটʼগ্ৰাফাৰ ইন্দুকল্প হাজৰিকাৰ শলাগ ল'ব লাগিব। আনহাতে চিনেমাখনত শব্দৰ বিশেষ ভূমিকা আছে। শব্দগ্ৰহণ কৰিছিল ফিলিপ পাঁৰা, হিমাদ্ৰীনাথ ভট্টাচাৰ্য আৰু দুলাল শইকীয়াই। অসমৰ গ্ৰাম্য জীৱনৰ সৈতে নিবিড়ভাৱে জড়িত যেনে- ঢেঁকী, তাঁতশাল, পোহনীয়া জন্তু, কুলি, কেতেকীৰ লগতে আন চৰাই-চিৰিকটি মাত, শিয়ালৰ হোৱা, স্থানীয় বজাৰ ইত্যাদিৰ কোলাহল বিভিন্ন দৃশ্যাংশত মনোগ্ৰাহীকৈ সংযোজন কৰা হৈছিল।

আনহাতে চিনেমাখনখনৰ সংগীত পৰিচালনা পদুম বৰুৱাই নিজে কৰিছিল। তেওঁ নিজে বজোৱা বাঁহীৰ সুৰ চিনেমাখনত ব্যৱহাৰ কৰিছিল। ইয়াৰোপৰি বিয়ানাম, টোকাৰী গীত, নাম-কীৰ্তন আৰু বিভিন্ন বাদ্যযন্ত্ৰৰ ব্যৱহাৰে চিনেমাখনক এক উচ্চ মাত্ৰা প্ৰদান কৰিছিল।

বাসন্তীৰ চিৰিত্ৰত অভিনয় কৰা বীণা বাৰুৱতীৰ অভিনয়ত প্ৰথমৰফালে জঠৰতা থাকিলেও পিছলৈ চৰিত্ৰত সোমাই পৰিছে। আনহাতে, বাসন্তীৰ ভতিজাকৰ চৰিত্ৰত অভিনয় কৰা শিশু শিল্পী দুজনৰ অভিনয় শলাগিবলগীয়া। শিল্পীদুজনৰ এজন আছিল ড. লক্ষ্মীনন্দন বৰাদেৱৰ জীয়ৰী আৰু ল'ৰাজন পদুম বৰুৱাৰ সৰু পুত্ৰ।

বহু কষ্ট আৰু সাঁচতীয়া ধন খৰচ কৰি পদুম বৰুৱাই নিৰ্মাণ কৰা 'গঙা চিলনীৰ পাখি' বিভিন্ন কাৰণত ৰাষ্ট্ৰীয় পুৰস্কাৰৰ পৰা বঞ্চিত হʼল। ধনৰ অভাৱত ছাব-টাইটেল সংযোগ কৰিব নোৱৰা বাবে চিনেমাখন বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰপৰাও বঞ্চিত হয়। তথাপি পদুম বৰুৱাই 'গঙা চিলনীৰ পাখি'ৰ জৰিয়তে অসমীয়া চিনেমাৰ এক বিশ্বমুখী যাত্ৰা সূচনা কৰিলে। বিশ্বত চিনেমাৰ চৰ্চা থকালৈকে 'গঙা চিলনীৰ পাখি' থাকি যাব।

 

পদুম বৰুৱাক উচিত সন্মান দিয়াৰ ক্ষেত্ৰত চলচ্চিত্ৰ প্ৰেমী, শিল্প-সংস্কৃতিৰ লগত জড়িত ব্যক্তিসকলৰ এটা প্ৰধান দায়িত্ব 'গঙা চিলনীৰ পাখি'Restoration ৰ ক্ষেত্ৰত আগবাঢ়ি অহা। নহ'লে আন বহু অসমীয়া চিনেমাৰ দৰে এইখনো হেৰাই যাব। ইউটিউবত থকা চিনেমাখনৰ দৃশ্যবোৰ অস্পষ্ট হৈছে, শব্দবোৰ ধৰিব নোৱাৰি। গঙা চিলনীৰ পাখি Restoration নহ'লে অসমীয়াই গৌৰৱ কৰিব পৰা এক সম্পদ হেৰাই যাব। এয়া অসমীয়া জাতিৰ বাবে এক দুৰ্ভাগ্যজনক কথা হ'ব। সময় থাকোঁতেই এই ক্ষেত্ৰত পদক্ষেপ লোৱা উচিত বুলি ভাবোঁ।

 

 pubalibhagowati@gmail.com

Post a Comment

0 Comments