বাদুলি চাকিৰ পোহৰত

 

'বঙল বহু দূৰ' ৰ স্ৰষ্টা নন্দিতা দেৱীৰ দ্বিতীয়খন উপন্যাস 'বাদুলি চাকিৰ পোহৰত' পঢ়িলোঁ। উপন্যাসখন অসম পাব্লিচিং কোম্পানীৰ দ্বাৰা ২০২৩ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পাইছিল। ইয়াৰ পূৰ্বে ধাৰাবাহিকভাৱে 'সাতসৰী' আলোচনীত প্ৰকাশ পাইছিল। কিন্তু উপন্যাস এখন গ্ৰন্থ আকাৰত পঢ়াৰ আমোদ সুকীয়া। 'বঙল বহু দূৰ'ৰ দৰে এইখন গ্ৰন্থৰ আলোচনা তেনেকৈ পঢ়িবলৈ পোৱা নাই। এইখনো নন্দিতা দেৱীৰ তথ্য ভিত্তিক ঐতিহাসিক উপন্যাস। এই ইতিহাস অতি আমোদজনক। 

 


 বৃটিছ সকলৰদ্বাৰা অসমত চাহখেতিৰ ব্যৱসায় আৰু প্ৰসাৰ কিদৰে হ', উপন্যাসখনত ইয়াৰ সৰস বৰ্ণনা আছে। বৃটিছ সকলেই অসমত ব্যৱসায়িক ভিত্তিত চাহখেতি কৰিবলৈ আগবাঢ়ি আহিছিল।অসম কোম্পানীৰ অধীনত ইংৰাজ চাহাবসকলে অসমৰ ঘন হাবি-জংঘল কাটি চাহ বাগিচা প্ৰতিষ্ঠা কৰিছিল।হাবি-জংঘলেৰে ভৰা এলেকাত বনৰীয়া হিংস্ৰ জন্তুৰ আক্ৰমণলৈ ভয় নকৰি চাহাবসকলে ব্যৱসায় সম্প্ৰসাৰণৰ কথা চিন্তা কৰিছিল।  চাহখেতি সম্প্ৰসাৰণৰ বাবে কিমান জয়াল বন-জংঘলৰ মাজত তেওঁলোকে বঙলাত ৰাতি কটাইছিল তাৰ বৰ্ণনা এনেদৰে পাওঁ -চৌপাশ নিমাত-নিস্তব্ধ।শিয়ালৰ হুকি হুকি হোৱা আৰু ফেউৰাৰ চিঞৰে ৰাতিটো জয়াল কৰি তুলিলে। জিলীৰ কাণ তালমৰা চিঞৰ আৰু বামুণ-ভেকোলাৰ ঘে-কোট্ ঘে-কোট্ শব্দত নিশাটো গভীৰ হৈ পৰিল।' (পৃ:২১)। উপন্যাসখনৰ প্ৰথমৰ ফালে ইংৰাজ চাহাবসকলৰ আগমন, তেওঁলোকৰ জীৱনশৈলী, ব্যক্তিগত জীৱনৰ বৰ্ণনা আছে। কিন্তু মাজভাগৰ পৰা উপন্যাসখনে এটা গতি লৈছে আৰু শেষলৈকে পাঠকক মোহাৱিষ্ট কৰি ৰাখিব পাৰিছে। কোনো কোনো সময়ত চিনেমা এখনৰ আৰম্ভণিটো অলপ লেহেমীয়া হ'লেও বিৰতিৰ পিছত কাহিনীয়ে টুইষ্ট লোৱাৰ দৰে উপন্যাসখনৰ মাজভাগৰপৰা কাহিনীয়ে গতি লৈছে। ঔপন্যাসিকে পিছলৈ এই গতি অব্যাহত ৰাখিব পাৰিছে। বাগিচাত কাম কৰিবলৈ ছোটনাগপুৰ, উৰিষ্যা ঘাজিপুৰ, পৰগনা আদি ঠাইৰ পৰা বনুৱা অনা, সেই বনুৱা সকলৰ ওপৰত অমানুষিক শোষণ, নিৰ্যাতনৰ মৰ্মস্পৰ্শী বৰ্ণনা পঢ়িবলৈ পোৱা যায়-জাবৰ-জোথৰ দলিওৱাদি কুলীবোৰক ইটোৰ ওপৰত সিটোক জাপি দি গৰুগাড়ীবোৰত তোলা হ'ল।' (পৃ-১৩০) বিনা ৱাৰেন্টেৰেই বাগিচাৰ চাহাবে পলৰীয়া বনুৱাক হালে হালে ধৰি অনাব পাৰে, ʼৰ্ট-কেছাৰী নোহোৱাকৈয়ে শাস্তি দিব পাৰে, বেটাব পাৰে, বাগানৰ নিজা গোপন জেʼলখানাত ভৰাই থʼব পাৰে।.. খাবলৈ-বʼবলৈ ভালকৈ ৰেচন-পাতি নিদি ধন দি কিনি অনা জন্তু-জানোৱাৰৰ দৰে ওৰে দিনটো বোৱাই থাকিলে কুলী নপলাবনে?'(পৃ:১৩৬)। ঔপন্যাসিকে গভীৰ অধ্যয়ন, সূক্ষ্ম দৃষ্টিভংগীৰে সজীৱ আৰু মৰ্মস্পৰ্শীকৈ এই বৰ্ণনা সমূহ ডাঙি ধৰিছে। চাওতাল, মুণ্ডা আদি জনজাতিসকলৰ পূৰ্বে বাগিচাত চীনা আৰু অসমীয়া বনুৱাই কাম কৰিছিল। 'ৰবাৰ্টে লক্ষ্য কৰিছে অসমীয়া বনুৱাবোৰ সহজ-সৰল-শান্ত প্ৰকৃতিৰ যদিও কাম-বনৰ প্ৰতি আগ্ৰহ একেবাৰে নাই; এলেহুৱা। এলাহ অসমীয়াৰ একেবাৰে জাতিগত প্ৰকৃতি। সিহঁতে হাওলাট, অৰ্থাৎ আগধন নোলোৱাকৈ কাম কৰিব নিবিচাৰে। পিছে হাওলাট লৈও এদিন-দুদিন কাম কৰাৰ পাছত সিহঁতৰ টিকনিও দেখি পাবলৈ নোহোৱা হয়।' (পৃ:৪৫)।

 


  সোণোৱাল কছাৰীসকলে নদীৰ পৰা সোণ বুটলি জীৱিকা নিৰ্বাহ কৰাৰ বৰ্ণনা,উজনি অসমৰ বাগিচা সমূহৰ লগতে তেতিয়াই স্থাপন হোৱা জিমখানা ক্লাব, ঘোঁৰা দৌৰ আদিৰ বৰ্ণনাই পাঠকক নষ্টালজিক কৰি তোলে। এসময়ৰ অসম কোম্পানীৰ দেৱান মণিৰাম ইংৰাজৰ প্ৰতিদ্বন্দ্বী হৈ পৰাৰ বাবে মণিৰাম দেৱানক ফাঁচী দিয়াৰ উল্লেখ উপন্যাসখনত আছে-ৰূপৰ ধোঁৱা খোৱাত খালি ঐ মণিৰাম/ সোণৰ ধোঁৱা খোৱাত খালি/ ৰজা হ'বলৈ ওলালি মণিৰাম ডিঙিত চিপেজৰী লʼলি।' (পৃ: ১১৫)। নন্দিতা দেৱীৰ লিখনিত ভাষাৰ প্ৰাঞ্জল ব্যৱহাৰৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। অসমীয়া ভাষাটোৱে নন্দিতা দেৱীৰ কলমত প্ৰাণ ভৰি উশাহ লয়। প্ৰথমবাৰৰ বাবে সাধুকথাত প্ৰচলিত জতুৱা ঠাঁচ 'বুৰেপতি শেলুক' নন্দিতা দেৱীৰ উপন্যাসত পঢ়াৰ সৌভাগ্য হ'ল। 'বনুৱা বোৰক আনি হাবি, জংঘল কটোৱা আদি কামবোৰ কৰোৱাই লয়। এইখিনিলৈকে নগাহঁত ঠিকেই, পিছে বুৰেপতি শেলুক হ'বনে? কেতিয়াবা নগাহঁতৰ কিবা ছোট উঠে আৰু ভমককৈ উঠে তুহ জুইৰ দৰে খং।' (পৃ:১৬৮)। চাহাবসকলৰ ব্যৱসায় সম্প্ৰসাৰণ, বনুৱাৰ ওপৰত উৎপীড়ন, মহামাৰীৰ উপদ্ৰৱ আদিৰ বৰ্ণনা ইমান সজীৱ যে চিনেমা এখন চাই থকাৰ দৰে অনুভৱ হয়। সমাপ্তিও আকৰ্ষণীয়। চাহ বাগিচাৰ বনুৱা সকলৰ ওপৰত কৰা এই শোষণ, অত্যাচাৰৰ সঁচা বৰ্ণনাসমূহক লৈ কোনোবাই চিনেমা নিৰ্মাণৰ কথাও ভাবিব পাৰে। কাহিনী বিচাৰি হাবাথুৰি খাই থকা চিত্ৰনিৰ্মাতা সকলে এই উপন্যাস আধাৰ হিচাপে লৈ চিনেমা নিৰ্মাণ কৰিব পাৰে। ষ্টিভেন স্পিলবাৰ্গৰ 'Schindler's List', ষ্টিভ ম্যেককুইনৰ '12 Years a Slave' আদি দুৰ্বল শ্ৰেণীটোৰ ওপৰত প্ৰভাৱশালীসকলৰ শোষণ-উৎপীড়ণৰ কাহিনীৰ একোখন কালজয়ী চলচ্চিত্ৰ। 

 


 অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ ওপৰত চলোৱা অমানুষিক অত্যাচাৰ ইয়াতকৈ কম নহয়। এতিয়া বৃটিছ চাহাবসকল নাই। কিন্তু এই শোষণ-তোষণ আন ধৰণেৰে এতিয়াও অব্যাহত আছে। নন্দিতা দেৱীয়ে এই সঁচা ঘটনাসমূহ পাঠকক শিহৰিত কৰিব পৰাকৈ বৰ্ণনা কৰিছে। মোৰ দৰে চাহ বাগিচাৰ লগত নিকট সম্পৰ্ক থকা, কেঁচা চাহপাতৰ গোন্ধ উশাহ-নিশাহত লাগি থকা পাঠকসকলক এই উপন্যাসখনে নষ্টালজিক কৰি তুলিবলৈ সক্ষম। ঘন হাবি-জংঘল নিৰলাই তেতিয়াই প্ৰতিষ্ঠা কৰা বাগিচাবোৰ, চাংবঙলাবোৰৰ ইতিহাসে ৰোমাঞ্চিত কৰি তোলে। এনে এটা গুৰুত্বপূৰ্ণ বিষয় নিৰ্বাচন কৰি তথ্য সমৃদ্ধ এখন উপন্যাসৰ বাবে নন্দিতা দেৱীক ধন্যবাদ জনাব লাগিব। 'বঙল বহু দূৰ'ৰ দৰে 'বাদুলি চাকিৰ পোহৰত' উপন্যাসখন অসমীয়া সাহিত্যৰ এক মূল্যৱান সম্পদ হৈ থাকিব।

 

pubalibhagowati@gmail.com

Post a Comment

0 Comments