অপর্ণা সেনৰ 'দ্য জাপানীজ ৱাইফ' ২০১০ চনত মুক্তি লাভ কৰিছিল। সকলো স্তৰৰ চিনেমাপ্রেমীকে অপর্ণা সেনৰ চিনেমাই চিন্তাৰ খোৰাক দিব পাৰে। কিন্তু তেওঁৰ আনবোৰ চিনেমাতকৈ 'দ্য জাপানীজ ৱাইফ'ৰ কাহিনী, ট্রিটমেন্ট কিছু পৃথক। লেখক কুনাল বসুৱে লিখা একে নামৰ প্লেটনিক অথবা অধিবাস্তৱ কাহিনী এটাক চিনেমাৰ ৰূপ দিয়া হৈছে। পশ্চিমবংগৰ সুন্দৰবন নিবাসী স্কুল মাষ্টৰ স্নেহময় আৰু জাপানী যুৱতী মিয়াগীৰ এক বিষাদময় আৰু পৱিত্ৰ প্রেম গাঁথাৰ ভেটিত নির্মিত হৈছে 'দ্য জাপানীজ ৱাইফ'। শাৰীৰিক দূৰত্ব প্ৰেমত বাধা নহয় অথবা প্ৰেমত শৰীৰৰ প্ৰয়োজন নাই, এই কথা চিনেমাখনত পৰিচালকে খুব সুন্দৰকৈ উপস্থাপন কৰিছে। হাজাৰ হাজাৰ মাইল দূৰৈত থকা মিয়াগীৰ লগত পত্ৰবন্ধুত্ব আৰু পিছত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে স্নেহময়ৰ। কেৱল শক্তিশালী মানসিক সম্পৰ্কৰে গঢ়ি উঠা এনে প্রেম বাস্তৱ জীৱনত কিমানদূৰ সম্ভৱ সেই কথাই দৰ্শকৰ মনত নিশ্চয় প্ৰশ্নৰ উদয় কৰায়।
মিয়াগী তেওঁৰ বৃদ্ধ, ৰুগীয়া মাতৃৰ সৈতে জাপানৰ এখন সৰু চহৰত থাকে। পিতৃ-মাতৃহীন স্নেহময়ক সৰুৰে পৰা ডাঙৰ কৰিছে মাহীয়েকে। পত্র আদান-প্রদানৰ জড়িয়তে দুয়োৰে মাজত প্ৰেম আৰু পিছলৈ বিবাহো সম্পন্ন হয়। বিবাহৰ প্ৰস্তাৱ প্ৰথম মিয়াগীয়ে স্নেহময়ক দিছিল। নিজৰ নাম খোদিত কৰাই এটা ৰূপৰ আঙুঠি স্নেহময়লৈ পঠিয়াইছিল। স্নেহময়ে মিয়াগীক দিছিল এযোৰ শংখৰ খাৰু (শাখা) আৰু এটা সেন্দুৰৰ টেমা। এনেদৰে দুয়ো-দুয়োকে স্বামী-স্ত্রী হিচাপে গ্রহণ কৰিছিল। তাৰপাছত পত্ৰবোৰত মিয়াগীয়ে সম্বোধন কৰিছিল-মাই দিয়েৰ হাজবেন্ড।' স্নেহময়ক প্রতিশ্রুতি দিছিল যে মাতৃৰ দায়িত্বৰ পৰা আজৰি হ'লে তেওঁ স্নেহময়ৰ ওচৰলৈ যাব।
ইতিমধ্যে স্নেহময়ৰ ঘৰত আহি থাকিবলৈ লৈছিল কণমানি পুত্রসহ মাহীয়েকৰ সম্পৰ্কীয় এগৰাকী বিধৱা মহিলা। মাহীয়েকে আশা কৰিছিল কম বয়সতে বৈধব্যক আঁকোৱালি ল'বলগীয়া হোৱা সন্ধ্যাক স্নেহময়ে বিয়া কৰাই স্ত্ৰীৰ মৰ্যাদা দিব। কিন্তু স্নেহময়ে সেয়া কৰিব নোৱাৰিলে। কোনো দিন লগ নোপোৱা, কেৱল পত্র বিনিময়েৰে অদৃশ্য বন্ধনত বান্ধ খাই পৰা মিয়াগীক ইতিমধ্যে স্ত্ৰীৰ মৰ্যাদা দিছে স্নেহময়ে। তেওঁৰ চিনাকী সকলো লোককে জনাইছে তেওঁৰ জাপানী পত্নীৰ কথা। মিয়াগীয়েও মনে-প্রাণে স্নেহময়কে স্বামী হিচাপে বৰণ কৰিছে। মাতৃৰ মৃত্যুৰ পাছত মিয়াগী কেন্সাৰত আক্রান্ত হয়। হাজাৰ মাইল দূৰৈৰ পৰাই স্নেহময়ে আপ্রাণ চেষ্টা চলালে মিয়াগীক সুস্থ কৰি তুলিবলৈ। ছমাহৰ কাৰণে স্কুলৰ পৰা ছুটি লৈ কবিৰাজ, হমিঅ'পেথী, এলপেথী চিকিৎসকৰ ওচৰ চাপিলে। ৰোগীক নেদেখাকৈয়ে ৰোগৰ বৰ্ণনা শুনি চিকিৎসকে দিয়া ঔষধ মিয়াগীয়ে নিষ্ঠাৰে গ্ৰহণ কৰিছে। মিয়াগী লাহে লাহে সুস্থ হৈ উঠে। কিন্তু স্নেহময় নিম'নিয়াত আক্রান্ত হৈ মৃত্যু হ'ল। হিন্দু ব্রাহ্মণ বিধৱাৰ নিয়ম অনুসৰি মিয়াগীয়ে চুলি খুৰাই, বগা সাজ পৰিধান কৰি এদিন স্নেহময়ৰ ঘৰত উপস্থিত হয়।
কাহিনীৰ সমাপ্তি ট্রেজিক আৰু অন্তৰস্পৰ্শী। কৰুণ ছবি এখন দৰ্শকৰ মনত ভাঁহি উঠে। স্নেহময়ে চিঠিত বর্ণনা কৰিছিল যে তেওঁলোকৰ সমাজত বিধৱাসকলে বগা সাজ পৰিধান কৰে আৰু যিসকলৰ স্বামীৰ প্ৰতি ভালপোৱা(Dedication) বেছি তেওঁলোকে চুলিও খুৰায়। স্নেহময়ৰ মৃত্যুৰ পিছত মিয়াগীয়ে চুলি খুৰাই বগা সাজ পৰিধান কৰা কথাটোৱে প্রতিপন্ন কৰে যে স্নেহময়ৰ প্ৰতি মিয়াগীৰ প্ৰেম সঁচা আৰু গভীৰ আছিল। সাক্ষাৎ ন'হলেও অন্তৰৰ পৰা স্নেহময়ক স্বামী হিচাপে গ্রহণ কৰিছিল।
পত্ৰৰ জড়িয়তে হোৱা বিবাহ এখন সোতৰ বছৰ (স্নেহময়ৰ মৃত্যু পর্যন্ত) নিষ্ঠাৰে পালন কৰিছিল। সকলো কথা পত্ৰৰ জড়িয়তে ইজনে-সিজনক জনাইছিল। পোন্ধৰ বছৰীয়া বিবাহ বার্ষিকীত মিয়াগীয়ে বিভিন্ন উপাহাৰসহ ডাঙৰ বাকচ এটা স্নেহময়লৈ পঠিয়াইছিল। স্নেহময়ে মিয়াগীলৈ পঠিয়াইছিল এখন শাৰী আৰু সুগন্ধিযুক্ত চম্পা ফুল। স্নেহময় স্বভাৱগতভাবে কম কথা কোৱা, অন্তর্মুখী আৰু লাজকুৰীয়া ব্যক্তি। সন্ধ্যা নামৰ কমবয়সীয়া, মৰমলগা বিধৱা মহিলাগৰাকী স্নেহময়ৰ প্ৰেমৰ সন্মুখত অগ্নিপৰীক্ষাস্বৰূপ আছিল। মুখেৰে একো নক'লেও অচিনাকী যুৱতী এগৰাকীক বিবাহ কৰি দূৰে দূৰে থকা কথাটো মাহীয়েকে মানি ল'ব পৰা নাছিল। স্নেহময়ে সন্ধ্যাক বিবাহ কৰাই সৰু ল'ৰাটোৰ দায়িত্ব লোৱাটো মাহীয়েকে বিচাৰিছিল। সন্ধ্যাও স্নেহময়ৰ প্ৰতি আকৰ্ষিত হৈছিল। কিন্তু স্নেহময়ৰ মনোজগত মিয়াগীয়ে সম্পূৰ্ণৰূপে অধিকাৰ কৰি পেলাইছিল। এই প্রেমত শৰীৰিক কোনো তাগিদা নাছিল। সন্ধ্যাই তেওঁলোকৰ প্ৰেমক সন্মান কৰিছিল। কিন্তু স্নেহময়ৰ মৃত্যুত যেন সন্ধ্যা দ্বিতীয়বাৰৰ কাৰণে বিধৱা হয়। সন্ধ্যাক আগতকৈ বেছি নিস্তেজ দেখা যায়।
অপর্ণা সেনৰ প্ৰায়বোৰ চিনেমাত স্পষ্টভাৱে প্রতিফলিত হয় ব্রাহ্মণ সমাজত বিধৱা মহিলাসকলৰ জীৱন, ত্যাগ-বগা সাজ পৰিধান, মাংসাহাৰ বৰ্জন, চুলি কাটি পেলোৱা অথবা মুণ্ডন কৰা আদি নিয়মসমূহ। এটা দৃশ্যত দেখা যায়, চহৰলৈ বজাৰ কৰিবলৈ যাওঁতে হোটেল এখনত সন্ধ্যা আৰু স্নেহময়ে ভাত খায়। কিন্তু সন্ধ্যাই তেওঁৰ ভাগৰ মাছ আৰু জলকীয়া স্নেহময়ৰ পাতত দি দিয়ে। স্নেহময়ে কোনো আপত্তি কৰা নাই। মাহীয়েকৰ বৰ্ণনা দি বিধৱা মহিলাই যে বগা সাজ পিন্ধে, সেন্দুৰ নলয় আৰু স্বামীক অধিক ভালপোৱা মহিলাসকলে মুণ্ডন কৰে এই কথা পত্ৰৰ জড়িয়তে মিয়াগীক কৈছিল। শেষত আমি দেখোঁ মিয়াগীয়ে মুণ্ডন কৰি, বগা সাজ পৰিধান কৰি স্নেহময়ৰ ঘৰত উপস্থিত হয়। সমাজৰ এই কুসংস্কাৰসমূহৰ পোনপটিয়াকৈ প্রতিবাদ কৰাৰ বিপৰীতে পৰিচালকে সৱলভাৱে কেমেৰাৰ জৰিয়তে তুলি ধৰিছে, যেনেকৈ যশস্বী সাহিত্যিক মামনি ৰয়ছম গোস্বামীয়ে বলিবিধান প্রথা, সমাজত বিধৱাৰ স্থান আদি বিষয়সমূহ কলমেৰে প্ৰতিবাদ কৰিছিল। আনহাতে, অপর্ণা সেনৰ চিনেমাসমূত নাৰী চৰিত্ৰৰ প্রাধান্য দেখা যায়।
কুনাল বসুৱে লেখা প্লেট'নিক প্রেম কাহিনীটো অপর্ণা সেনে সৱল চিত্রনাট্যৰে উপস্থাপন কৰিছে। চিনেমাট'গ্রাফীৰ ক্ষেত্ৰত ক'ব পাৰি কেমেৰাই যেন একো একোটা দৃশ্যৰ ছবি আঁকিছে। মাটলা (Matla River)নদীখনে চিনেমাখনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। নদীখনৰ বিভিন্ন বর্ণনা স্নেহময়ৰ চিঠিসমূত আছে। স্নেহময় আৰু মিয়াগীৰ লগতে নদীখনো এক গুৰুত্বপূৰ্ণ চৰিত্ৰৰ দৰে হৈ পৰিছে। নদীখনৰ সৈতে থকা বহু দৃশ্য একোখন পেইন্টিঙৰ দৰে। স্নেহময় আৰু মিয়াগীৰ মাজত যোগাযোগৰ একমাত্র মাধ্যম নদীখন (যদিও মাজে মাজে ট্রাংকক'লত কথা হয়)। বতৰৰ বাবে ফেৰীৰ চলাচল বন্ধ হোৱাত স্নেহময় আৰু মিয়াগীৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰে। মিয়াগী সুস্থ হৈ উঠাৰ কথা স্নেহময়ে গম নাপালে আৰু স্নেহময়ৰ অসুস্থতাৰ বিষয়ে মিয়াগী অৱগত নহ'ল। মিয়াগীৰ চিঠিলৈ বাট চাই পৃথিৱীৰ পৰা বিদায় ল'লে স্নেহময়ে।
স্নেহময়ৰ চৰিত্ৰত অভিনয় কৰিছে ৰাহুল বোসে। মিয়াগীৰ চৰিত্ৰত জাপানৰ অভিনেত্ৰী চিগুচা টাকাকো চৰিত্ৰটোৰ লগত সুন্দৰকৈ খাপ খাই পৰিছে। স্নেহময়ৰ মাহীয়েকৰ চৰিত্ৰত মৌচুমী চেটার্জীৰ সাৱলীল অভিনয় আৰু বিধৱা মহিলা সন্ধ্যাৰ চৰিত্ৰত ৰাইমা সেনৰ সুন্দৰ অভিনয়ে দর্শকক আকৰ্ষিত কৰিছে। মুক্তিৰ পিছত বিভিন্ন সন্মানৰ লগতে 'দ্য জাপানীজ ৱাইফ'এ সমালোচকৰ উচ্চ প্রশংসা লাভ কৰিছিল।
(Modified the matter Published in 2019 at Niyamiya Bartta news paper)
1 Comments
Very nice
ReplyDelete