অসমীয়া চিনেমাৰ দুৰ্দিনৰ সময়তো কিছু সংখ্যক নৱ প্রজন্মৰ
পৰিচালক ওলাই আহি নতুন সম্পৰীক্ষাৰে চিনেমা নির্মাণ
কৰি চলচ্চিত্ৰ উদ্যোগটোলৈ কিছু আশাৰ বটৰা কঢ়িয়াই
আনিছে। এই প্রক্রিয়াটো চলিছে যোৱা দুই-তিনি বছৰৰ পৰা। ধ্রুব জে বৰদলৈৰ 'দূৰণিৰ নিৰলা
পঁজা', ভাস্কৰ হাজৰিকাৰ 'কথানদী', ৰিমা বৰাৰ 'বকুল', কংকন ডেকাৰ 'বিউটিফুল
লাইভছ', মঞ্জুল বৰুৱাৰ 'অন্তৰীণ', দ্বীপ
চৌধুৰীৰ 'আলিফা' ৰীমা দাসৰ 'ভিলেজ
ৰকষ্টাৰ্ছ' আদি চিনেমাই পৰম্পৰাগতভাৱে চলি
অহা এক দীৰ্ঘকালীন ফর্মূলাক নস্যাৎ কৰি নিজস্ব ধৰণেৰে অসমীয়া চিনেমাৰ এক নতুন পথ মুকলি কৰিছে। এইখিনিতে
বিশেষভাৱে উল্লেখ কৰিব পাৰি ৰীমা দাসৰ 'ভিলেজ
ৰকষ্টাৰ্ছ'ৰ কথা। ৰীমা দাসৰ 'ভিলেজ
ৰকষ্টাৰ্ছ' এ গতানুগতিকতাৰ
সকলো পৰিধি ভাঙি বিশ্বমুখী এক যাত্ৰাৰ বাবে ধাৱমান হ'বলৈ সক্ষম হৈছে। বিশ্ব চিনেমাৰ খোজত খোজ মিলাই সন্মানীয়
অস্কাৰ বঁটাৰ নির্বাচনৰ শাৰীত থিয় হ'বলৈ সক্ষম
হৈছে গাঁৱৰ পটভূমিত নির্মিত সাধাৰণ যেন লগা এখন
চিনেমা।
হাতত এটা কেমেৰা লৈ নিজেই চিনেমাট'গ্রাফী, পৰিচালনাৰে
ৰীমা দাসে নির্মাণ কৰিলে 'ভিলেজ ৰকষ্টাৰ্ছ'। এজাক
সপোনবিলাসী শিশু, গাঁৱৰ সাধাৰণ
লোক আৰু মনোমোহা প্রাকৃতিক পৰিৱেশ-এইখিনিয়েই 'ভিলেজ
ৰকষ্টাৰ্ছ'ৰ মূল সম্বল। চিনেমাখনৰ মূখ্য চৰিত্র ধুনু আৰু আৰু
তাইৰ বিধৱা মাক। স্বামীহীনা মাতৃয়ে কষ্ট কৰি ল'ৰা-ছোৱালী
দুটাক ডাঙৰ কৰাৰ লগতে ধুনুক আত্মনিৰ্ভৰশীল হ'বলৈ শিক্ষা
দিছে। আন এক দিশৰ পৰা চাবলৈ গ'লে আমাৰ সমাজ ব্যবস্থাৰ
যেন দুটা বিদ্রোহী প্রতীক(symbol) ধুনু আৰু তাইৰ মাক। ধুনৱে তামূল গছত উঠে, নদীত সাঁতোৰে, সমনীয়া ল'ৰাৰ সৈতে
খেল-ধেমালি কৰে। গাঁৱৰ মানুহে এই কথা সমালোচনা কৰিলেও মাকে ধুনুক
সমর্থন কৰে। স্বামীৰ অবিহনে তেওঁ যিবোৰ ঘাত-প্রতিঘাতৰ
সন্মুখীন হৈ জীৱন সংগ্রামত ব্রতী হৈছে, ধুনুকো
ভবিষ্যতে সকলো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ
আত্মনিৰ্ভৰশীলতাৰ শিক্ষা দিছে।
ধুনুৰ মনত জন্ম হয় এখন গীতাৰ কিনাৰ সপোন। ডাঠ কাগজেৰে এখন গীতাৰ
সাজি লৈ সমনীয়াৰ সৈতে খেলে, এটা ৰক বেণ্ড গঢ়াৰ পৰিকল্পনাও
সিহঁতে কৰে। পোহনীয়া ছাগলী মুনুৰ লগত তইৰ এক আত্মিক সম্পর্ক।
মাকক গীতাৰ কিনাৰ কথা কওঁতে মাকে যেতিয়া ছাগলীটো বিক্রী কৰাৰ কথা কয়, সেই কথাও তাই
মানি ল'ব নোখোজে।
ইয়াৰপৰা তাইৰ কোমল অন্তৰখনৰ আভাস পাব পাৰি। গাঁওখনলৈ বানপানী আহি যেতিয়া সিহঁতৰ খেতি-পথাৰ নষ্ট কৰে-ধুনুৱে মাকক প্ৰশ্ন
কৰে- বানপানী আহিব বুলি জানিও প্রতি বছৰে খেতি কিয় কৰে। মাকে তাইক উত্তৰ
দিয়ে-কর্মই ধর্ম।' এনে কিছুমান স্পৰ্শকাতৰ বাৰ্তা
পৰিচালকে দৰ্শকৰ আগত ডাঙি ধৰিছে।
আৰম্ভণিৰ পৰা শেষলৈ এক মসৃন গতিত চিনেমাখন আগবাঢ়িছে। চৰিত্ৰ, লোকেশ্যন, শব্দ, অভিনয় আদি যিকেইটা চিনেমাৰ মূল element বুলি আমি
ভাবোঁ-এই এলিমেন্টকেইটা লৈ পৰিচালকে মূৰ
ঘমোৱা নাই। চিনেমা এক natural আৰু creative
craft-এই কথাকেই প্ৰমাণ কৰিছে ৰীমা দাসে। চিনেমাখন চাই থাকোঁতে ক'তো থমকি ৰ'বলগীয়া হোৱা নাই। সন্মুখত দৃশ্যসমূহ আহিছে আৰু দর্শকে একোজন
পর্যবেক্ষক হিচাপে দৃশ্যসমূহ চাইছে। কোনো কোনো দৃশ্য চাই থাকোঁতে সেই
ঠাইত ৰৈ থকা যেন অনুভৱ এটা হয়।
গাঁৱৰ পৰিৱেশ।গাঁৱৰ শিশুসকলৰ যি সৰল শিশুসুলভতা, সপোন, ধেমালি আদি
প্রাকৃতিকভাৱে কেমেৰাই ধৰি লৈছে। চিনেমাখনৰ আন এটা ভাল লগা দিশ হ'ল যে চিনেমাখনত কোনো অভিনয় নাই।
পৰিচালকে জোৰ কৰি কোনো চৰিত্ৰৰ পৰা অভিনয় আদায় কৰিবলৈ
চেষ্টা কৰা নাই। কথিত ভাষাটোত কোনো ৰহন সানিবলৈ চেষ্টা কৰা নাই। কোনো
কোনো সময়ত ধুনুহঁতৰ কথা-বতৰাবোৰ কাণত পৰা নাই। এই কথাই দর্শকক কিছু বিৰক্তি দিলেও ই প্রমাণ কৰে যে পৰিচালকে originality আৰু
গতানুগতিকতাক গুৰুত্ব প্রদান কৰিছে। চিনেমাখনত ওপৰুৱা আৱৰণ, ৰহন, কৃত্রিমতা
আদিৰ স্থান নাই।
ধুনু আৰু মাকৰ মাজত এক শক্তিশালী সম্পর্ক, সমাজৰ নিয়মৰ
উর্দ্ধত ধুনুৰ আকাশমুখী মনটো, মাকৰ পৰা
আয়ত্ব কৰা আত্মনির্ভৰশীলতাৰ পাঠ, সমনীয়াৰ লগত থকা
আত্মীয়তা, ছাগলীটোৰ প্রতি থকা সহমর্মিতা
আদি ফুটাই তুলিবলৈ পৰিচালকে গুৰুত্ব দিছে চিনেমাখনৰ সামগ্রীক ক্রাফটোক।
এগৰাকী চিনেমাট'গ্রাফাৰ
হিচাপে পৰিচালকৰ দক্ষতা প্রশ্নাতীত। বানপানীৰ দৃশ্যগ্রহণ কৰোঁতে
চিনেমাট'গ্ৰাফাৰ তথা পৰিচালকে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে।
নদীৰ পানী বাঢ়ি গাঁও এখনত কিদৰে বিভীষিকাৰ সৃষ্টি কৰে, সেয়া খুব
সুন্দৰকৈ কেমেৰাই ডাঙি ধৰিছে। মনকৰিবলগীয়া, চিনেমাখনৰ
প্ৰায়বোৰ দৃশ্যগ্রহণ বৰষুণত কৰা হৈছে।
চিনেমাখনত শব্দৰ গুৰুত্বপূর্ণ ভূমিকা আছে-ওকণি ফুটোৱাৰ শব্দ, দৈনন্দিন
কাম-কাজৰ লগত জড়িত বিভিন্ন শব্দ, পানীত সাঁতোৰাৰ শব্দ, বোঁৱতী নৈৰ শব্দ, ভৰিৰ খোজৰ
শব্দ, বতাহৰ শব্দ originally ব্যবহাৰ কৰা
হেছে।
দৰিদ্ৰ লোকসকলৰ জীৱন-সংগ্রাম, সৰু সৰু
সুখ-আনন্দ, কষ্টৰ পিছতো জীৱনৰ গতিশীলতা, প্রকৃতিৰ লগত
মানুহৰ সম্পৰ্ক, সপোনবিলাসীতা আৰু সেই সপোন
বাস্তৱত ৰূপায়িত হোৱাৰ আনন্দ-এই বিষয়বোৰ সার্বজনীন। এই বিষয়বোৰ
দেশ-মহাদেশ, ভাৱ-ভাষাৰ পৰিধিত
সীমাবদ্ধ নহয়। এই সার্বজনীন বিষয়সমূহ অতি শৈল্পিকভাৱে ফুটাই তুলিবলৈ সক্ষম হোৱাৰ বাবেই হয়তো 'ভিলেজ
ৰকষ্টাৰ্ছ'এ বিশ্বৰ চলচ্চিত্র বোদ্ধাসকলৰ দৃষ্টি
আকর্ষণ কৰিবলৈ সক্ষম হৈছে। 'ভিলেজ
ৰকষ্টাৰ্ছ'ৰ এই জয়যাত্রা অক্ষুন্ন থাকক।
(জুন,২০১৯)
0 Comments