সৰু সৰু কথাৰে নিৰ্মিত 'কেলেণ্ডাৰ'



'সৰু সৰু আশাবোৰ, সৰু সৰু হেঁপাহবোৰ, সৰু সৰু কথাবোৰ বুকুৰ..।' এই সৰু সৰু কথাবোৰ লৈ নির্মিত হৈছে এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুক্তি লাভ কৰা এখন অসমীয়া চিনেমা 'কেলেণ্ডাৰ'। চিনেমাখনৰ কাহিনী গতানুগতিক। সর্বসাধাৰণ মানুহৰ জীৱনত ঘটি থকা কিছুমান ঘটনা। এখন সবল চিত্ৰনাট্যৰ হাত ধৰি আগবঢ়া কাহিনীটোৱে দৰ্শকৰ হৃদয়ত প্ৰৱেশ কৰিছে। চলচ্চিত্ৰ এখনৰ বাবে চিত্রনাট্য প্রাণস্বৰূপ। দর্শকে ক'তো উজুটি নোখোৱাকৈ পৰিচালকে কি ক'ব বিচাৰিছে, সেয়া বুজাত সহায় কৰে চিত্রনাট্যই। দ্বিতীয়তে অভিনয়। মূল চৰিত্ৰ চাৰিটা যদিও হিতেশ কাকতি তথা অৰুণ নাথে ব্যৱহাৰ কৰা স্কুটাৰখনো এটা চৰিত্ৰৰ দৰে হৈ পৰিছে। চিনেমাখনত স্কুটাৰখনৰ বিশেষ ভূমিকা আছে। দর্শকে চিনেমাখনৰ কথা মনত পেলালে অৰুণ নাথৰ সৈতে স্কুটাৰখনৰ কথা বিশেষকৈ মনলৈ আহিব। পৰিচালকে যেন স্কুটাৰখনকো অভিনয় কৰোৱাইছে। প্রবীন অভিনেতা অৰুণ নাথৰ পৰা অধিক বলিষ্ঠ অভিনয় আদায় কৰিব পৰাটো পৰিচালকৰ আন এক কৃতিত্ব । অৰুণ নাথক চিনেমাখনত যথেষ্ট space দিয়া হৈছে।  তেওঁৰ  অভিনয় চাই থাকোঁতে বলীউদৰ 'পিকু' চিনেমাখনৰ অমিতাভ বচ্চনৰ চৰিত্ৰটোলৈ মাজে মাজে মনত পৰি যায়। চৰিত্ৰটোৰ কিছুমান hypochondriac লক্ষণ যেনে অতিশয় শৰীৰ সচেতনতা, বেমাৰলৈ ভয় কৰা, দৰৱৰ ওপৰত নিৰ্ভৰশীলতা আদি বিষয়বোৰ 'পিকু' চিনেমাখনৰ অমিতাভ বচ্চনৰ চৰিত্ৰটোৰ লগত কিছু সাদৃশ্য আছে। অৰণ নাথে চৰিত্ৰটো খুব সুন্দৰকৈ ফুটাই তুলিছে। আনহাতে অৰুণ নাথৰ পত্নী তথা মনোৰমা চৰিত্ৰটোত প্রবীন অভিনেত্রী মলয়া গোস্বামীৰ অভিনয়ত কিছু কৃত্রিমতা থকা যেন লাগিল। বন কৰা মহিলা 'ফাটেমা' চৰিত্ৰত ৰিমঝিম দাসৰ অভিনয় সাৱলীল। অৰণ নাথ আৰু মলয়া গোস্বামীৰ পুত্ৰৰ চৰিত্ৰত অভিনয় কৰা গুঞ্জন ভৰদ্বাজক side role ত ৰখা হৈছে যদিও যিকণ সুযোগ পাইছে তেওঁ তাৰ সদব্যৱহাৰ কৰিছে।

 


চিনেমাখনৰ কাহিনী বুলি ক'বলৈ পিতৃ-মাতৃ আৰু সন্তানৰ মাজত থকা আন্তৰিক বান্ধোনৰ এক স্পর্শকাতৰ উপস্থাপন। অৱসৰৰ পিছত হিতেশ কাকতিৰ পত্নী মনোৰমাৰ সৈতে সুখ-দুখৰ এখন সংসাৰ। তেওঁলোকৰ পুত্ৰ ৰাজা পত্নীৰ সৈতে দিল্লীত বাস কৰে। মাঘ বিহুত পুতেক-বোৱাৰীয়েক ঘৰলৈ অহাৰ কথা। সেয়ে, মনোৰমা আৰু হিতেশ কাকতিৰ অপৰিসীম ব্যস্ততা। ঘৰত ৰং দিয়াৰ পৰিকল্পনাৰ পৰা বজাৰ-সমাৰ ইত্যাদি। হিন্দীভাষী বোৱাৰীয়েকৰ লগত কথা পাতিবলৈ মনোৰমাই হিন্দী ধাৰাবাহিক চাই ভাষা শিকিবলৈ চেষ্টা কৰিছে। পুতেক আহিলে তেওঁলোকৰ সৈতে দিল্লীলৈ গৈ হিতেশ কাকতিৰ এবাৰ ভালদৰে স্বাস্থ্য পৰীক্ষা কৰাই অহাৰ কথা দুয়ো আলোচনা কৰিছে। শেষমুহূৰ্তত ৰাজাই ফোন কৰি জনালে যে ইন্টাৰভিউ এটাৰ বাবে পত্নী আহিব নোৱাৰিব, তেওঁ অকলেই আহিব। প্রথমবাৰলৈ বোৱাৰীয়েক আহিব বুলি উৎসৱমুখৰ পৰিৱেশ হৈ থকা ঘৰখন নিজম পৰি যায়। ৰঙৰ মিস্ত্রীজনকো অজুহাত দেখুৱাই হিতেশ কাকতিয়ে আহিব নেলাগে বুলি কয়। তথাপি সন্তান ভালে থকাটোৱে তেওঁলোকৰ কাম্য বুলি কথাটো সহজভাবে লয়।

অৱশেষত উৰুকাৰ আগদিনা পুতেক আহিল। বোৱাৰীয়েক নাহিলেও ইমানদিনৰ মূৰত পুতেকক পাই পিতৃ-মাতৃ আনন্দত আত্মহাৰা হয়। পুতেকে কি খাব-কি নাখাব ইত্যাদি ব্যস্ততা। কিন্তু সেইদিনা ৰাতি ৰাজালৈ এটা ফোন কল আহে, মিটিং এখন তেওঁ attend কৰিব লাগে। গতিকে পিছদিনা তেওঁ যাব লাগিব। মাকক ৰাজাই সেই কথা জনায়। পুত্র যে কিবা এটা সমস্যাত আছে, সেই কথা মনোৰমাই বুজি পায়। বাৰে বাৰে সোধাৰ পিছত ৰাজাই কয় যে তেওঁ এতিয়া কোনো চাকৰি কৰি থকা নাই। ব্যৱসায় কৰিবলৈ ল'ন লৈছিল, যিটো পৰিশোধ কৰিব পৰা নাই। পুত্ৰৰ কথাত মনোৰমা চিন্তিত হয়, কিন্তু পুতেকক আশ্বাস দি কয় যে কিবা এটা উপায় উলাব। সি চিন্তা কৰিব নেলাগে। উৰুকাৰ দিনাই ৰাজা পুণৰ দিল্লীলৈ ৰাওনা হয়। মনোৰমাৰ মনত সেইদিনাৰ পৰাই এটা চিন্তাই বাহ লয়। স্বামীক একো কথা নজনোৱাকৈ পুত্ৰক কিদৰে ঋণৰ বোজাৰ পৰা মুক্ত কৰিব পাৰি সেই চিন্তাই তেওঁৰ মন-মগজু আছন্ন কৰিবলৈ ধৰিলে। উপায়স্বৰূপে তেওঁ ঘৰটো বিক্ৰী কৰি স্বামীৰ সৈতে বৃদ্ধাশ্রমত থকাৰ কথাই ভাবিলে। কিন্তু হিতেশ কাকতিক সেই কথা কোৱাত পত্নীৰ এনে সিদ্ধান্তত তেওঁ আচৰিত হোৱাৰ লগতে অস্বীকাৰ কৰে। হিতেশ কাকতিয়ে নৱবৰ্ষত উপহাৰ দিয়া কেলেণ্ডাৰখনত মনোৰমাই বিয়া, মিটিং আদিৰ তাৰিখবোৰ ৰঙা কলমেৰে চিন দি গৈছিল। পুত্র দিল্লীলৈ যোৱাৰ পিছৰ পৰা কেলেণ্ডাৰত দাগ দি থোৱা অভ্যাসটোও নোহোৱা হয়। সন্তানৰ চিন্তা, স্বামীৰ পৰিচৰ্যা, ঘৰখন পৰিচালনা আদি সকলো দায়িত্ব পালন কৰি গৈ থাকোঁতে মনোৰমা হৃদৰোগত আক্রান্ত হৈ এদিন শুই থকা অৱস্থাতে মৃত্যুক আঁকোৱালি লয়। পত্নীৰ আকস্মিক মৃত্যুৰ কাৰণ, সন্তানৰ সমস্যা আদি কথাবোৰ হিতেশ কাকতিয়ে পলমকৈ গম পায়। অৱশেষত পত্নীৰ কথা ৰাখি ঘৰটো বিক্ৰী কৰাৰ সিদ্ধান্ত লৈ বৃদ্ধাশ্রমলৈ তেওঁ গুছি যায়।

এনে এটা সাধাৰণ কাহিনীকে স্পৰ্শকাতৰভাৱে দৰ্শকৰ হৃদয় চুই যোৱাকৈ উপস্থাপন কৰিছে পৰিচালক হিমজ্যোতি তালুকদাৰে। চিনেমাখনৰ কোনো ঠাইতে যাতে দর্শকে আমনি নাপায়, সেই ক্ষেত্ৰত পৰিচালক অতি সচেতন। অতি সাৱধানে পৰিচালকে কাহিনী আগবঢ়াই নিছে। বহু ঠাইত হিউমাৰ আছে। বিশেষকৈ হিতেশ কাকতিৰ হাইপ'কন্দ্ৰিয়াক টিপিকেল চৰিত্ৰটোৱে দৰ্শকক হাঁহিৰ খোৰাক যোগাইছে। আৰম্ভণিতে হিতেশ কাকতিয়ে বজাৰৰ পৰা পাচলি কিনিছে, ৰাসায়নিক সাৰ প্রয়োগ কৰা পাচলি পিটিকি পিটিকি চাই অৱশেষত কেইটামান বিলাহী লৈছে। ফার্মাচীলৈ গৈ ঔষধ কিনিছে। ম্যাদ ওকলা ঔষধবোৰ মেগনিফাইন গ্লাছ লৈ পৰীক্ষা কৰিছে। স্বাস্থ্য বিষয়ক আলোচনী, টি.ভি.ত স্বাস্থ্যৰ অনুষ্ঠান, আধাতে ষ্টার্ট বন্ধ হৈ যোৱা স্কুটাৰখন... এইবোৰেই হিতেশ কাকতিৰ জীৱনৰ সমল। মনোৰমাই নীলা, বগা ৰঙৰ ঊলেৰে গুঁঠি থকা মাফলাৰখন কেইবাটাও শ্বটত দেখুওৱা হৈছে। মাফলাৰখনৰ লগত দৰ্শকৰ এটা সম্পর্ক গঢ়ি উঠিছে। ঘৰৰ পিছফালৰ ৰ'দ পৰা চোতালখন, আগফালৰ ফুলনিখনৰ সৈতে অসম আৰ্হিৰ ঘৰটোৱে নিম্ন মধ্যবিত্ত পৰিয়াল এটাৰ জীৱন প্রণালী সুন্দৰকৈ উপস্থাপন কৰিছে। মনোৰমাই ৰুবলৈ অনা বকুলৰ পুলিটো স্মৃতিৰ প্ৰতীকৰ দৰে লাগিছে। হিতেশ কাকতিয়ে স্কুটাৰ থোৱা গেৰেজৰ শ্বাটাৰ বন্ধ কৰা শ্বটটোৱে দৰ্শকক কৰুণ ইংগিত এটা দিয়ে। ঘৰৰ সন্মুখৰ দীঘল ৰাস্তাটোৰ লং শ্বট, এজোপা ডাল-পাত নথকা গছৰ তলত হিতেশ কাকতি ৰৈ থকা সামগ্রিক শ্বটটোও অর্থপূর্ণ আৰু মনোগ্রাহী।

                 
 
অৱশ্যে কাহিনীত আৰু detail ৰ প্ৰয়োজন আছিল যেন ভাৱ হয়। ঘৰটো বিক্ৰী নকৰাকৈ ঋণ পৰিশোধ কৰাৰ নিশ্চয় আন উপায় থাকিলহেঁতেন, আৰু যদি নাছিল তেন্তে দর্শকক পতিয়ন নিয়াব পৰাকৈ কিছু ডিটেইলৰ প্ৰয়োজন আছিল। ঘৰ এখন বিক্ৰী কৰি বিদ্ধাশ্রমলৈ যাবলগীয়া সিদ্ধান্তটো বৰ সহজ নহয়। যথেষ্ট জটিল সমস্যা নহ'লে এনে সিদ্ধান্ত কোনেও ল'ব নোৱাৰে। গতিকে কাহিনীটো এটা সাৰাংশৰ দৰে ৰৈ গ'ল। তথাপি বিষয়বস্তুৱে দর্শকক চুই গৈছে।

নতুন পৰিচালক হিচাপে 'কেলেণ্ডাৰ'ত হিমজ্যোতি তালুকদাৰে যি পৰিপক্কতা দেখুৱালে, ভবিষ্যতেও দর্শক হিমজ্যোতক লৈ আশাবাদী হৈ ৰ'ব। কম বাজেটত এখন সুন্দৰ চিমেনা হিমজ্যোতি তালুকদাৰে দৰ্শকক উপহাৰ দিলে। চিনেমাখনৰ প্ৰচাৰৰ দিশবোৰো শলাগিবলগীয়া। 'কেলেণ্ডাৰ' এখন খুব উচ্চ মানৰ চিনেমা নহ'লেও, সকলো পৰ্যায়ৰ দৰ্শকৰ বাবে এখন গ্রহণযোগ্য আৰু 'ভাল' চিনেমা বুলি ক'ব পাৰি।

(জুন, ২০১৮)



Post a Comment

0 Comments