জোনাকী-জোনাক অহাৰ সেই বাট, এই বাট

যুৱ প্ৰজন্মৰ কেইজনমান উঠি অহা ল'ৰা-ছোৱালী।উদ্ভাসিত মুখ, বুদ্ধিদীপ্ত চকু। সমাজখনৰ কাৰণে কিবা এটা কৰাৰ সপোন তেওঁলোকৰ।সমাজ, বাস্তৱ আৰু চিনেমাক তেওঁলোকে একেটা কোণৰ পৰা চাব বিচাৰে আৰু আনকো দেখুৱাব বিচাৰে!গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা পাঠ্যক্ৰমৰ তৃতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰী এওঁলোক। সংখ্যাত হয়তো ত্ৰিশ জনমান হ'ব।খুব কম নহ'লেও এটা চলচ্চিত্ৰ মহোসৱ পাতিবলৈ সাহস কৰি তাক সাফল্যমণ্ডিত কৰাটো সাধাৰণ কথা নহয়।

     



অসমৰ প্ৰথমটো চবিগৃহ 'জোনাকী'ৰ নামেৰে নামকৰণ কৰা  'জোনাকী-A STUDENTS FILM FESTIVAL' দুদিনীয়া এই মহোসৱত ছাত্ৰ-ছাত্ৰীকে ধৰি, কলা-কুশলী, চলচ্চিত্ৰপ্ৰেমীৰ সঁহাৰি উসাহজনক দেখিছিলোঁ। আজি দুবছৰমানৰপৰা অসমৰ বিভিন্ন ঠাইত সৰু-ডাঙৰ স্তৰত চলচ্চিত্ৰ মহোসৱৰ আয়োজন হৈ আহিছে।অলপতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দ্বীতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোসৱ আয়োজিত হৈ গৈছে।সকলোলৈ যোৱাৰ সুবিধা নহ'লেও যি দুই-এখনলৈ গৈছোঁ তাৰ ভিতৰত তুলনাত্মকভাৱে নহ'লেও কিছু দিশৰপৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আয়োজিত 'জোনাকী' চলচ্চিত্ৰ মহোসৱ কিছু ব্যতিক্ৰম যেন লাগিল। কিবা এটা সতেজ সতেজ ভাৱ!চিনেমা ভালপোৱা এজাক ল'ৰা-ছোৱালী, সিহঁতৰ নিষ্ঠা, আন্তৰিকতা, সেউজীয়া পৰিবেশেই কাৰণ হ'ব নোৱাৰে। মোক বেছি আকৰ্ষিত কৰা বিষয়টো যদি বিচাৰি উলিয়াও তেন্তে ক'ব লাগিব যে এই মহোসৱত প্ৰদৰ্শিত চিনেমাৰ বাচনি।সাধাৰণতে চলচ্চিত্ৰ মহোসৱত চিনেমাৰ বাচনি বুলি ক'লে এটা বৃহ কাৰবাৰৰ কথাই মনলৈ আহে।দীৰ্ঘদিনীয়া আলোচনা, Panel, বিশিষ্ট চলচ্চিত্ৰ বোদ্ধা আদি।কিন্তু জোনাকীৰ ক্ষেত্ৰত এই কথা সুকীয়া দেখা গ'ল। আয়োজক প্ৰশিক্ষাৰ্থী সকলে নিজেই বাচনি কৰিলে বিভিন্ন ভাষাৰ তেৰখন গুণগত চিনেমা।অসমীয়া, ইংৰাজীৰ উপৰি মিচিং,বড়ো, ৰাভা, নাগামিজ, মনিপুৰী আদি ভাষাৰ চিনেমা তেওঁলোকে নিৰ্বাচন কৰি উলিয়ালে। কেৱল অসমীয়াই নহয়, দুদিনীয়া মহোসৱত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা আৰু চিনেমাক স্থান দিয়া কথাটো প্ৰশংসনীয়।

       


 

বিশিষ্ট পৰিচালক সুৰজ দুৱৰাৰ 'অৰং'(ৰাভা ভাষা), দ্বীপ চোধুৰীৰ 'আলিফা'(অসমীয়া বাংলা),ধ্ৰুৱ জে বৰদলৈৰ 'দূৰণিৰ নিৰলা পঁজা', ববী শৰ্মা বৰুৱাৰ 'সোণাৰ বৰণ পাখী', ঝুলন কৃষ্ণ মহন্তৰ 'নদী মাথোঁ বয়' আদি প্ৰতিখন চিনেমাত প্ৰেক্ষাগৃহ পৰিপূৰ্ণ আছিলচিনেমাৰ শেষত পৰিচালকৰ সৈতে থকা ভাৱ বিনিময়ত ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ পৰা বুজিব পাৰি তেওঁলোকৰ সূক্ষ্ম পৰ্যবেক্ষণ প্ৰতিভা।তেওঁলোকৰ যে এক সুস্থ ৰুচিবোধ আছে তাত কোনো সন্দেহ নাই।

      


এই ৰুচিবোধ গঢ়ি তোলাৰ এক প্ৰচেষ্টাৰ নামেই জোনাকী। চিনেমা প্ৰদৰ্শনৰ লগতে ফিল্ম মেকিং, স্ক্ৰীপ্ত ৰাইটিং, ফিল্ম ক্ৰিটিছিম আদি পাঠ্যক্ৰম ৰখা হৈছিল।পৰিচালক ইন্দ্ৰনীল বৰাই ফিল্ম মেকিং, নৱজ্যোতি বৰাই স্ক্ৰীপ্ত ৰাইটিং আৰু বিশিষ্ট সমালোচক মনোজ বৰপূজাৰীৰ ফিল্ম ক্ৰিটিছিজিম আদি session সমূহতো ছাত্ৰ-ছাত্ৰীসকলে আগ্ৰহেৰে অংশগ্ৰহণ কৰাটো উসাহজনক।২৯ আৰু ৩০ নৱেম্বৰত আয়োজিত দুদিনীয়া চলিচ্চত্ৰ মহোসৱৰ উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড. মৃদুল হাজৰিকাই।

       


অসমীয়া চিনেমাৰ এটা সুস্থ পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত সৰু-বৰ বিভিন্ন স্তৰত এটা জাগৰণ সৃষ্টি হোৱা যেন অনুমান হয়।এই ক্ষেত্ৰত আইদেউ টকীজ, আড্ডা, চিনে ক্লাৱ, চিনেমালয় আদিৰ ভূমিকা উল্লেখনীয়।এই দিশত সংযোজিত হৈ জোনাকীয়ে যি পোহৰৰ বাট সন্ধান কৰি উলিয়াইছে, এই বাট যেন পৰৱৰ্তী সময়ত আৰু মশ্ৰিণ হৈ গৈ থাকে তাৰেই শুভকামনা।

(ডিচেম্বৰ, ২০১৮)   

 

Post a Comment

0 Comments